মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ অনাময়

স্বচ্ছ ভাৰত মিছন (গ্ৰামীন)

অনাময় খণ্ডত স্বচ্ছ ভাৰত মিছন গ্ৰামীনে মানুহৰ মাজত দায়িত্ববোধ  সম্পৰ্কে এটা জ্ঞানৰ উন্মেষ ঘটাইছে। গোটেই জাতিটোৱে এতিয়া চাফ-চিকুনতাৰ প্ৰতি সক্ৰিয় যোগদানকাৰী হৈছে, মহাত্মা গান্ধীয়ে এসময়ত সপোন দেখা স্বচ্ছ ভাৰত বৰ্ষই যেন এতিয়া সাকাৰ ৰূপ লবলৈ ধৰিছে।

সমাজৰ বিভিন্ন স্তৰৰ মানুহ ওলাই আহিছে আৰু এই চাফ-চিকুনতাৰ সামূহিক আন্দোলনত যোগদান কৰিছে। চৰকাৰী বিষয়াৰ পৰা জোৱানলৈ, বলিউডৰ অভিনেতাৰ পৰা খেলুৱৈলৈ, উদ্যোগপতিৰ পৰা বাবাজীলৈ, সকলোৱে এই মহান কামটোৰ বাবে শাৰীত থিয় দিছেহি। গোটেই দেশ জুৰি অযুত জনে দিনৰ পিচত দিন ধৰি চৰকাৰী বিভাগ, বেচৰকাৰী সন্থা, স্থানীয় ৰাজহুৱা কেন্দ্ৰ সমূহত, স্বচ্ছ ভাৰতৰ বাবে আগভাগ লোৱা এই সন্থা সমূহত যোগদান কৰিছেহি। সুস্বাস্থ্যৰ প্ৰতি সজাগতা জানিবলৈ ঘণাই আয়োজন কৰা স্বচ্ছতাৰ অভিযান সমূহ খেল আৰু সঙ্গীতৰ যোগেদিও গোটেই জাতিৰ মাজত বিস্তৃত ভাৱে বিয়পি পৰিছে। বলিউডৰ চেলিব্ৰিট্ৰি ৰ পৰা দূৰদৰ্শনৰ অভিনেতালৈ সকলোৱে আগবাঢ়ি আহি সক্ৰিয়ভাৱে ইয়াত আগভাগ লৈছে।

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০১৭ চনৰ ভিতৰত আৱৰ্জনা মুক্ত অসমৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ ১ B M-G (স্বচ্ছ ভাৰত মিছন-গ্ৰামীন) মিছনে মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ আচঁনি প্ৰস্তুত কৰিছে। স্বচ্ছ ভাৰত মিছন আচঁনিৰ কল্পনা কৰা লক্ষ্যত উপনীত  হবলৈ হলে গোটেই জনসমাজখনকে সাঙুৰি লোৱাটো মূল কাম হব। সমাজখনক সাঙুৰি লোৱা কামত সন্মুখীন হব লগা প্ৰধান প্ৰত্যাহ্বান হব,- ৰাজ্যৰ ২৫ লাখ পৰিয়ালক ঢুকি পোৱাটোহে।

Downloads
TitleSizeDetail
Guidelines for Swachh Bharat Mission (Gramin)416.39 KBswf-image