মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ অনাময়

গোটা আৰু পনীয়া আৱৰ্জনা পৰিচালনা

গ্ৰাম্যঞ্চলত গোটা আৰু পনীয়া আবৰ্জনা পৰিচালনা(SLWM)

পানী (Water), অনাময়(Sanitation) আৰু স্বাস্থ্য বিজ্ঞানে মানুহৰ দেহক হেঁচা মাৰি ধৰে, আৰু সেই কথাটো পাহৰিলে সূদূৰ প্ৰসাৰী অৱস্থাৰ মুখামুখি হব লগাত পৰিব পাৰে। ভৰতবৰ্ষ হৈছেএখন দ্ৰূত অৰ্থনৈতিক উন্নয়নৰ দেশ, কিন্তু যেতিয়া ই-ৱাছ সূচকাংকলৈ আহে, তেতিয়া ইয়াক অধোগামী হোৱা দেখা যায়। ১২০ কোটি মানুহৰ স্বাস্থ্য প্ৰণালী ৰক্ষা কৰাটো এটা পৰ্ববত সম আৰু জৰুৰী কাম।

স্বচ্ছ ভাৰত মিছন-গ্ৰামীনৰ এটা প্ৰধান অংশ হৈছে গোটা আৰু পনীয়া আবৰ্জনাৰ পৰিচালনা কৰা কাম; ইয়াক গ্ৰাম্যাঞ্চলৰ মানুহৰ চাফ-চিকুনত, স্বাস্থ্য ৰক্ষা আৰু সাধাৰণ জীৱন ধাৰণৰ মান উন্নীত কৰণৰ উদ্দেশ্য আগত ৰাখিয়ে উদ্ভাৱন কৰা হৈছে।

গোটা আৱৰ্জনাঃ-

গ্ৰাম্যাঞ্চলত গোটা আৱৰ্জনা বুলি কবলৈ গলে পাকঘৰৰ, বাগিচাৰ, গোহালি ঘৰৰ, কৃষি সামগ্ৰীৰ আৰু ধাতৱ বস্ত্ৰ, কাগজ, প্লাষ্টিক, কাপোৰ আদি সামগ্ৰীৰ কথাই কব লাগিব। এই বিলাক হৈছে ঘৰ, ব্যৱসায়িক প্ৰতিস্থান আৰু ঔদ্যোগিক প্ৰতিস্থান আদিৰ পৰা উত্পন্ন হোৱা জৈৱিক আৰু অজৈৱিক বস্তু, যি বিলাক বস্তুৰ গৰাকীক দিব পৰাৰ জোখেৰে একো অৰ্থনৈতিক মূল্য নাই।

গ্ৰাম্যঞ্চলৰ ঘৰ সমূহৰ পৰা সংগ্ৰহ কৰা আবৰ্জনা বিলাক বেছিভাগেই জৈৱিক, তাতে সামান্য অজৈৱ পদাৰ্থ মিহলি হৈ থাকে, আৱৰ্জনাখিনি বিষাক্ত নহয়। এই আবৰ্জনাখিনি যিহেতু পাৰিপাৰ্শ্বিক.. বন্ধুভাৱাপন্ন, গতিকে ইয়াৰ পৰা পচন সাৰ প্ৰস্তুত কৰাৰ সুবিধা গ্ৰাম্যাঞ্চলত খুব বেছি।

পনীয়া আৱৰ্জনাঃ-

যেতিয়া পানী বিলাক এবাৰ ব্যৱহাৰ কৰা হয় আৰু তাৰ পিচত ই মানুহৰ ব্যৱহাৰৰ বাবে অনুপযোগী হৈ উঠে, তেতিয়া তাক পনীয়া আবৰ্জনা বুলি কোৱা হয়। অশুদ্ধ পানীক ঔদ্যোগিক আৰু ঘৰুৱা, এই দুই শ্ৰেণীত ভাগ কৰা হৈছে।

  • নিৰ্মান কাৰ্য্যৰ ফলত ঔদ্যোগিক অশুদ্ধ পানীৰ সৃষ্টি হয় আৰু ইয়াক পুণৰুদ্ধাৰ কৰাটো বৰ গোটা
  • ঘৰুৱা বৰ্জিত পানীৰ ভিতৰত ঘৰৰ উলিয়াই দিয়া, ব্যৱসায়িক চৌহদ, হোটেল আৰু শিক্ষানুস্থানৰ পৰা উলিয়াই দিয়া পানীখিনিক ধৰিব পাৰি।

স্বচ্ছ ভাৰত মিছনৰ পথ প্ৰদৰ্শক অধীনস্থ গোটা আৰু পনীয়া আবৰ্জনা পৰিচালনা

ৰাইজে পৰিচালনা কৰা স্বাস্থ্য প্ৰণালীৰ ওপৰত সজাগতা সৃষ্টিৰ কামত স্বচ্ছ ভাৰত মিছনে দৃষ্টি নিক্ষেপ কৰিছে। গোটা আৰু পনীয়া আবৰ্জনা পৰিচালনাআচঁনিখন পৰিমিত ব্যয় আৰু নিপুনভাৱে সূচনা কৰিবলৈ, তৃণমূল স্তৰৰ মানুহখিনিক নিজৰ কাম বুলি ভবাবলৈ আৰু গোটেই সমাজখনকে গোটেই পৰিস্থিতিটোত সাঙুৰি লোৱাটো গোটা কাম।

এটা বহনক্ষম পৰিস্থিতিৰ দাবী সাৱ্যস্ত কৰিবলৈ তথ্য, শিক্ষা আৰু যোগোযোগ ব্যৱস্থাইগোটা আৰু পনীয়া আবৰ্জনা পৰিচালনাৰ ওপৰত এক মধ্যস্থতাকাৰীৰ ভূমিকা লব লাগিব। এই বিলাকে আৱৰ্জনা পৰিস্কৰণৰ বাবে এনেকুৱা এক পৰিস্থিতি প্ৰতিস্থাপনৰ প্ৰতি ধাবমান হব যে ই জনসাধাৰণৰ ওপৰত এক বোধগম্য হেঁচা প্ৰয়োগ কৰিব। সমাজখন /  গাওঁ পঞ্চায়ত সমূহক আগবাঢ়ি আহিবলৈ উত্সাহিত কৰিব পাৰে, যিটোৱে অৱশেষত কৰ্ম সম্পাদন আৰু পৰিপালন কৰিব।

সজাগতা সৃষ্টিকাৰী আৰু শিক্ষা প্ৰদানকাৰী অভিযান সমূহে পঞ্চায়তৰ বিষয়া, নিৰ্বাচিত জন প্ৰতিনিধি, বিদ্যালয়, গাঁৱত কৰ্মৰত বেচৰকাৰী সন্থা(NGO), দোকানী, পৰিয়ালমূহ আৰু সাধাৰণ জনতাক লক্ষ্যহিচাপে লব লাগে। ৰাজ্য চৰকাৰ সমূহৰ পৰা সহায় লৈ গাওঁ পঞ্চায়তৰ কৰ্মচাৰী সমূহে গোটা আৰু পনীয়া আবৰ্জনা পৰিচালনা আচঁনিৰ প্ৰস্তুত, কাৰ্য্যকৰীকৰণ, কৰ্ম সম্পাদন আৰু প্ৰতিপালন কৰিব লাগে। গাওঁ পঞ্চায়ত আৰু ৰাজহুৱা নিৰীক্ষণৰ অধীনত নিৰ্মান আৰু পৰিচালনাৰ বাবে তৃতীয় পক্ষৰ কলা-কৌশলৰ ব্যৱহাৰ বিচাৰিব পাৰি। এনেকুৱা ক্ষেত্ৰত গোটা আৰু পনীয়া আবৰ্জনা পৰিচালনা আঁচনিৰ পৰিচালনাৰ কামত বিভিন্ন পুঁজি যোগানকাৰীৰ ভূমিকা আৰু দায়িত্বৰ স্পষ্ট অনুমতিৰ দৰ্কাৰ। বহনক্ষম গোটা আৰু পনীয়া আবৰ্জনা পৰিচালনাৰ সূচনাৰ বাবে ৰাজহুৱা বৰঙণি আৰু সঠিক ব্যৱস্থাকাৰীৰ পৰা দাম লোৱাটো আৱশ্যকীয়।

 

Downloads
TitleSizeDetail
Solid & Liquid Waste Management Project Document1.05 MBswf-image