মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ অনাময়

সামাজিক অংশীদাৰিত্ব

পানী যোগান আৰু অনাময়বিভাগৰ সংস্কাৰ সাধন হৈছে ‘ অপাৰেচন এণ্ড মেইন্টিনেন্স’এই দুয়োটা বিভাগতে সৰ্ব্বান্তঃকৰণেৰে সংযুক্ত হৈ নিজৰ কাম বুলি সমাজৰ সকলোৱে মানি লোৱা কাম,- যিহৰ বাবে এই আঁচনিখন সমাজৰ সকলোৰে বাবে বন্ধু ভাৱাপন্ন হৈ উঠে।

পানী যোগান বিভাগটো সকলোৰে বাবে গ্ৰহণযোগ্য হোৱা হেতুকে পানী যোগানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাপনাটো বিকেন্দ্ৰীকৰণ কৰি ইয়াৰ প্ৰতিপালন আৰু অ’. আৰু এম. ৰ  ‘মালিকী স্বত্ব’ সেই ঠাইৰ গাওঁ পঞ্চায়তৰ ওপৰত ন্যস্ত কৰিবলৈ এক প্ৰস্তাৱ লোৱা হৈছে।

এই কথাটোক পশ্চাদপটত লৈ প্ৰতিপালিত হৈ থকা সেৱাৰ খাটিৰতে গোটেই গ্ৰাম্য সমাজখনকেই গ্ৰাম্য PWSS ৰ  ‘ অপাৰেচন এণ্ড মেইন্টিনেন্স’ ৰ লগত সংপৃক্ত কৰিবলৈ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগে এক সংস্কাৰ মূলক ভূমিকাৰ অৱতাৰণা কৰিছে।পি.ডব্লিউ.এছ.এছ.ৰ ৰাজহুৱা ব্যৱস্থাপনাৰ ববে বহুখিনি প্ৰাথমিক স্তৰৰ কাম বহুবিলাক ঠাইত ইতিমধ্যে আৰম্ভ হৈছে আৰু এনে অহোপুৰুষাৰ্থ পি.ডব্লিউ.এছ.এছ.ক নিমজ ভাৱে কাম কৰোতা নিশ্চিত কৰিবলৈ ইয়াৰ দায়িত্ব আৰু স্বত্ব কৃতকাৰ্য্যতাৰে ৰাজহুৱা খণ্ডলৈ হস্তান্তৰ কৰা হৈছে। তদুপৰি‘ অপাৰেচন এণ্ড মেইন্টিনেন্স’ মূল্য আদায়  কৰা, আৰু আংশিক বা সম্পূৰ্ণকৈয়ে হওঁক,--মেৰামতিৰ দাম আদায় কৰা আদিয়ে আচঁনিখন অৰ্থনৈতিক ভাৱে আৰু বহনক্ষম ভাৱে কৃতকাৰ্য্যতাৰে কাম কৰিবলৈ আগুৱাই লৈ যায়। প্ৰতিখন পি.ডব্লিউ.এছ.এছ.ৰ বাবে পানী ব্যৱহাৰকাৰীৰ কমিটিখনৰ লগে লগে এই প্ৰাৰম্ভিক ভূমিকাখিনিয়ে আনুস্থানিকতা লাভ কৰে।

অনাময়খণ্ডত স্বচ্ছ ভাৰত মিছন-গ্ৰামীনে মানুহৰ মাজত এটা দায়িত্ববোধৰ জ্ঞানৰ উন্মেষ ঘটাইছে। গোটেই জাতিটোৱে এতিয়া চাফ্- চিকুনতাৰ প্ৰতি সক্ৰিয় যোগদানকাৰী হৈছে, মহাত্মা গান্ধীয়ে এসময়ত সপোন দেখা স্বচ্ছ ভাৰতবৰ্ষই যেন এতিয়া সাকাৰ ৰূপ লবলৈ ধৰিছে।

সমাজৰ বিভিন্ন স্তৰৰ মানুহ ওলাই আহিছে আৰু এই চাফ-চিকুনতাৰ সামূহিক আন্দোলনত যোগদান কৰিছে। চৰকাৰী বিষয়াৰ পৰা জোৱানলৈ, বলিউডৰ অভিনেতাৰ পৰা খেলুৱৈলৈ, উদ্যোগপতিৰ পৰা বাবাজীলৈ,- সকলোৱে এই মহান কামটোৰ বাবে শাৰীত থিয় দিছেহি। গোটেই দেশ জুৰি অযুত জনে দিনৰ পিচত দিন ধৰি চৰকাৰী বিভাগ, বেচৰকাৰী সন্থা, স্থানীয় ৰাজহুৱা কেন্দ্ৰ সমূহত, স্বচ্ছ ভাৰতৰ বাবে আগভাগ লোৱা এই সন্থা সমূহত যোগদান কৰিছেহি। সুস্বাস্থ্যৰ প্ৰতি সজাগতা জানিবলৈ ঘণাই আয়োজন কৰা স্বচ্ছতাৰ অভিযান সমূহ খেল আৰু সঙ্গীতৰ যোগেদিও গোটেই জাতিৰ মাজত বিস্তৃত ভাৱে বিয়পি পৰিছে। বলিউডৰ চেলিব্ৰিট্ৰি ৰ পৰা দূৰদৰ্শনৰ অভিনেতালৈ সকলোৱে আগবাঢ়ি আহি সক্ৰিয়ভাৱে ইয়াত আগভাগ লৈছে।

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০১৭ চনৰ ভিতৰত আৱৰ্জনা মুক্ত অসমৰ কথা ঘোষণা কৰিছে। ৰাজ্যৰ স্বচ্ছ ভাৰত মিছন-গ্ৰামীন মিছনে মাননীয় মূখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ আচঁনি প্ৰস্তুত কৰিছে। স্বচ্ছ ভাৰত মিছন আচঁনিৰ কল্পনা কৰা লক্ষ্যত উপনীত  হবলৈ হলে গোটেই জনসমাজখনকে সাঙুৰি লোৱাটো মূল কাম হব। সমাজখনক সাঙুৰি লোৱা কামত সন্মুখীন হব লগা প্ৰধান প্ৰত্যাহ্বান হব,- ৰাজ্যৰ ২৫ লাখ পৰিয়ালক ঢুকি পোৱাটোহে।