মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ অনাময়

মুকলিত মল ত্যাগ মুক্তৰ নিৰ্বাহন

মুকলিত মলত্যাগ আৰু থু পেলোৱা বন্ধ কৰা কামটোৰ সংজ্ঞা এনেকৈ দিয়া হৈছেঃ-

  • পৰিবেশ / গাওঁত দৃশ্যমান অৱস্থাত মল দেখা হোৱা নাই আৰু
  • প্ৰতিঘৰ মানুহে আৰু ৰাজহুৱা / সামাজিক অনুস্থান সমূহে মলত্যাগৰ বাবে নিৰাপদ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিছে।

স্বচ্ছ ভাৰত মিছনে(গ্ৰামীন) মুকলিত মলত্যাগ মুক্ত মুকলিত মলত্যাগ মুক্ত গাঁৱ পাবলৈ দৃষ্টি নিবদ্ধ কৰিছে।

ভাৰতৰ বহুবিলাক গাঁও এতিয়া মুকলিত মলত্যাগ মুক্ত গাঁৱ হিচাপে নিজে নিজেই ঘোষণা কৰিছে। ৰাজ্য সমূহেও নিজ নিজ কলা- কৌশল অনুসৰি সেইবোৰ পৰীক্ষা-নিৰীক্ষা কৰি আছে।মুকলিত মলত্যাগ মুক্তৰ কৃতকাৰ্য্যতাৰ বহুলাংশ নিৰ্ভৰ কৰে অভ্যাস পৰিবৰ্ত্তন আৰু তাৰ পোষণ,- যি টোৰ বাবে গোটেই সমাজখনৰে একেসুৰীয়া প্ৰচেষ্টাৰ দৰ্কাৰ হব। অতীতত নিৰ্মল গ্ৰাম পুৰস্কাৰ পোৱা (NGP)গাওঁ বিলাকো ‘নিৰ্মলপদবীৰ’পৰা পিছলি পৰিছিল। গতিকে সেই পিছলি পৰা কাৰণটো জনাটো বৰ দৰ্কাৰ আৰু তাৰে পৰা শিক্ষা লোৱাটোও দৰকাৰ, যাতে সেই ‘পিছলি’ পৰা দায়িত্বটো কমাব পাৰি।

মুকলিত মলত্যাগ মুক্ত বুলি ঘোষিত হোৱা গাওঁ সমূহৰ লগত কিছুদিন ওতঃপ্ৰোতভাৱে যোগাযোগ কৰি থকাটোও এটা প্ৰধান কাম। বহু বিলাক জিলা আৰু ৰাজ্যই মুকলিত মলত্যাগ মুক্তকৰ্মক দীৰ্ঘস্থায়ী কৰিবলৈ কিছুমান পদ্ধতি উদ্ভাৱন কৰে। এনে উপদেশ মূলক কথা সমূহ সাধাৰণ সিদ্ধান্ত মূলকহে; ৰাজ্যসমূহে মুকলিত মলত্যাগ মুক্ত ব্যৱস্থা বাহাল ৰাখিবলৈ নিজৰ পৰিস্থিতিত খাপ খোৱাকৈ আন ব্যৱস্থাও লব পাৰে।

Downloads
TitleSizeDetail
Activities required for ODF Sustainability2.9 MBswf-image